হৃদয়ৰ উষ্ণতা by Assamese poet Deepika Das
🫶হৃদয়ৰ উষ্ণতা🫶 🌟আমাৰ যে কেতিয়াবা কাম এটা কৰিবলৈ আৰম্ভ কৰাৰ আগতেই মনত ভয়ৰ উদ্বেগ হয়, কৰিম নে নকৰিম ভাৱ এটাই মনত প্ৰায়ে হেন্দোলনি দি থাকে, তেতিয়া হঠাৎ সিদ্ধান্ত ল'ব মন যায় কামটো নকৰাৰ নহয় নে? যদি সপোনেই আছে লক্ষ্যত উপনীত হোৱাৰ তেনেহ'লে ভয়ক প্ৰশ্ৰয় দিওঁ কিয়?যদি আশাই আছে সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ তেনে ভয় নামৰ অসুৰটোক জীৱনৰ পৰা খেদি নপথাওঁ কিয়? 🌟এই যে ভয়বোৰক ভঙা ডেউকাত উৰিব খোজা চৰাইলৈ ৰূপান্তৰ কৰাৰ আগতেই আপোনাৰ ভয় বোৰ পুতি থওক অন্ধকাৰ কোঠালীত। 🌟উৰিবলৈ সাজু নোহোৱালৈকে আপোনাৰ হৃদয় খন বাৰে বাৰে পৰিবলৈ দিয়ক। দেখিব যে, অতি সোনকালে সকলো ভয় - আশংকাৰ পৰা নিজকে বহু দূৰত আঁতৰাই নিব পাৰিছে আৰু সপোনবোৰ আপোনাৰ বাস্তৱৰ দুৱাৰদলীত আহি ৰৈ আছে। 🌟দেখিব, আপুনি আপোনাৰ ভয়বোৰ য'তেই পুতি ৰাখিছিল ততেই ফুল গজিব ধৰিছে আৰু সূৰুযেও হাঁহি মাৰিছে। 🌸🌸সেয়েহে সপোনক নহয়, ভয়ক পুতি ৰাখক।🌸🌸 “This is an original verse by me, previously uploaded on Facebook.”