ফাগুন মোৰ খুবেই প্ৰিয়... হৃদয়ৰ উষ্ণতা। Deepika Das
ফাগুন মোৰ খুবেই প্ৰিয়। আপোনাৰো প্ৰিয় নেকি? এই যে শীতৰ কোলাত প্ৰকৃতিৰ বুকুলৈ নামি আহে ফাগুনৰ মাদকতা...কিমান ভাল লাগে নহয় নে? অনুভৱৰ দুৱাৰত টোকৰ মাৰি চাওঁকচোন আপোনাৰো ভাল লাগিব। শিমলু, পলাশ, মদাৰৰ ৰঙা ফুলে আপোনাৰ দুভৰিত দলিচা পাৰি দি নিজেই বিনাবস্ত্ৰে লঠঙা হৈ বসন্তলৈ অপেক্ষা কৰে। ফাগুনেটো কাকো আক্ষেপ নকৰে । কপাহী কোমল ফাগুনে আপোনাৰো মন গহনত কেতিয়াবা জোৱাৰ তোলে নেকি এজাক মৃদু মলয়াৰ ? সৰা পাতে পাতে যেন অবুজ মায়া। ৰঙা খিনিও যেন আজি লাজুকী অভিমানী। লঠঙা গছৰ ডালত ওলমি ৰোৱা জোনাকী জনীয়ে আলিংগন কৰে নিশাৰ নিস্তব্ধতা। মেঘৰ মাদল নবজা উদাস আকাশত যেন এজাক দুষ্ট পছোৱা । এয়া যে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ বতৰা। মৌপিয়াই চুমা খোৱা লাজুকী ফাগুনৰ ৰঙাত নিজকে ৰঙীন কৰি ৰাখিব মন যায় নহয়নে...ৰঙা বাবেইটো ফাগুন মোৰ প্ৰিয়।
This is an original verse by Deepika Das.
Comments
Post a Comment