হৃদয়ৰ উষ্ণতা 🌼আবেলিৰ মেজমেল🌼 Get link Facebook X Pinterest Email Other Apps March 25, 2026 আবেলিৰ স্নিগ্ধতাএপিয়লা চাহ ঘূৰণীয়া মেজমেল চৌপাশে মতলীয়া ফাগুনৰউন্মনা বাতাতে তুমি আৰু মই চকুত চকু হাতত হাত দুবাহুত প্ৰণয় গুজি থোৱা কাহিনীআজিও জীপালসেই মিঠা আবেলি।॥অনুভৱ॥by Deepika Das Get link Facebook X Pinterest Email Other Apps Comments
হৃদয়ৰ উষ্ণতা by Assamese poet Deepika Das January 30, 2026 🫶হৃদয়ৰ উষ্ণতা🫶 🌟আমাৰ যে কেতিয়াবা কাম এটা কৰিবলৈ আৰম্ভ কৰাৰ আগতেই মনত ভয়ৰ উদ্বেগ হয়, কৰিম নে নকৰিম ভাৱ এটাই মনত প্ৰায়ে হেন্দোলনি দি থাকে, তেতিয়া হঠাৎ সিদ্ধান্ত ল'ব মন যায় কামটো নকৰাৰ নহয় নে? যদি সপোনেই আছে লক্ষ্যত উপনীত হোৱাৰ তেনেহ'লে ভয়ক প্ৰশ্ৰয় দিওঁ কিয়?যদি আশাই আছে সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ তেনে ভয় নামৰ অসুৰটোক জীৱনৰ পৰা খেদি নপথাওঁ কিয়? 🌟এই যে ভয়বোৰক ভঙা ডেউকাত উৰিব খোজা চৰাইলৈ ৰূপান্তৰ কৰাৰ আগতেই আপোনাৰ ভয় বোৰ পুতি থওক অন্ধকাৰ কোঠালীত। 🌟উৰিবলৈ সাজু নোহোৱালৈকে আপোনাৰ হৃদয় খন বাৰে বাৰে পৰিবলৈ দিয়ক। দেখিব যে, অতি সোনকালে সকলো ভয় - আশংকাৰ পৰা নিজকে বহু দূৰত আঁতৰাই নিব পাৰিছে আৰু সপোনবোৰ আপোনাৰ বাস্তৱৰ দুৱাৰদলীত আহি ৰৈ আছে। 🌟দেখিব, আপুনি আপোনাৰ ভয়বোৰ য'তেই পুতি ৰাখিছিল ততেই ফুল গজিব ধৰিছে আৰু সূৰুযেও হাঁহি মাৰিছে। 🌸🌸সেয়েহে সপোনক নহয়, ভয়ক পুতি ৰাখক।🌸🌸 “This is an original verse by me, previously uploaded on Facebook.” Read more
ফাগুন মোৰ খুবেই প্ৰিয়... হৃদয়ৰ উষ্ণতা। Deepika Das February 11, 2026 ফাগুন মোৰ খুবেই প্ৰিয়। আপোনাৰো প্ৰিয় নেকি? এই যে শীতৰ কোলাত প্ৰকৃতিৰ বুকুলৈ নামি আহে ফাগুনৰ মাদকতা...কিমান ভাল লাগে নহয় নে? অনুভৱৰ দুৱাৰত টোকৰ মাৰি চাওঁকচোন আপোনাৰো ভাল লাগিব। শিমলু, পলাশ, মদাৰৰ ৰঙা ফুলে আপোনাৰ দুভৰিত দলিচা পাৰি দি নিজেই বিনাবস্ত্ৰে লঠঙা হৈ বসন্তলৈ অপেক্ষা কৰে। ফাগুনেটো কাকো আক্ষেপ নকৰে । কপাহী কোমল ফাগুনে আপোনাৰো মন গহনত কেতিয়াবা জোৱাৰ তোলে নেকি এজাক মৃদু মলয়াৰ ? সৰা পাতে পাতে যেন অবুজ মায়া। ৰঙা খিনিও যেন আজি লাজুকী অভিমানী। লঠঙা গছৰ ডালত ওলমি ৰোৱা জোনাকী জনীয়ে আলিংগন কৰে নিশাৰ নিস্তব্ধতা। মেঘৰ মাদল নবজা উদাস আকাশত যেন এজাক দুষ্ট পছোৱা । এয়া যে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ বতৰা। মৌপিয়াই চুমা খোৱা লাজুকী ফাগুনৰ ৰঙাত নিজকে ৰঙীন কৰি ৰাখিব মন যায় নহয়নে...ৰঙা বাবেইটো ফাগুন মোৰ প্ৰিয়। This is an original verse by Deepika Das. Read more
Comments
Post a Comment